গুৱাহাটী, ৫ নৱেম্বৰঃ উন্নত চিকিৎসা আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ বাবে মুম্বাইলৈ ৰাওনা হৈছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা মানসিক চাপ আৰু টোপনিৰ সমস্যাৰ সন্মুখীন হৈ অহা গৰিমাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ দলে তেওঁক মুম্বাইলৈ নিয়াৰ পৰামৰ্শ দিছিল।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা গৰিমাৰ স্বাস্থ্যৰ বিষয়ে ৩ নৱেম্বৰত সংবাদমেলযোগে সবিশেষ জনাইছিল চিকিৎসক ডাঃ হিতেশ বৰুৱাই। চিকিৎসকগৰাকীৰ মতে, গৰিমাৰ শাৰীৰিক অৱস্থা সুস্থিৰ। তেওঁৰ ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ পৰিমাণো স্বাভাৱিক আছিল। কিন্তু মানসিক চাপ, হতাশা আৰু নিশা পৰ্যাপ্ত টোপনি নোহোৱাৰ সমস্যাই চিকিৎসকসকলক চিন্তিত কৰি তুলিছিল।

ডাঃ বৰুৱাই জনোৱা অনুসৰি, গৰিমাই নিশা ভালদৰে টোপনি যাব পৰা নাই। মাজনিশা সাৰ পাই যোৱাৰ সমস্যাও দেখা দিছে। ইয়াৰ লগতে নিয়মীয়াকৈ খাদ্য গ্ৰহণ কৰাতো অসুবিধা হৈছিল। সেয়েহে কেৱল শাৰীৰিক চিকিৎসাই নহয়, মানসিক সুস্থতা ঘূৰাই অনাৰ বাবেও বিশেষজ্ঞৰ পৰামৰ্শ আৰু উপযুক্ত পৰিৱেশৰ প্ৰয়োজন বুলি চিকিৎসকৰ দলে অনুভৱ কৰে।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইৰ এখন বিশেষ চিকিৎসা প্ৰতিষ্ঠানত গৰিমাৰ চিকিৎসা আৰু পৰামৰ্শদানৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰক্ৰিয়া প্ৰায় ১৫ৰ পৰা ২০ দিন চলিব পাৰে বুলি পূৰ্বে জানিবলৈ দিছিল ডাঃ বৰুৱাই। অৱশ্যে কোনখন চিকিৎসা প্ৰতিষ্ঠানত তেওঁক ৰখা হ’ব, সেই বিষয়ে পৰিয়াল আৰু চিকিৎসকৰ মাজত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ কথা জনোৱা হৈছিল।

উল্লেখযোগ্য যে, যোৱা ৩১ অক্টোবৰত গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ। তাৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছৰে পৰা চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰীক্ষণ কৰি আহিছিল।

ডাঃ হিতেশ বৰুৱাই গৰিমাৰ স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হ’বলৈ অসমৰ ৰাইজক আহ্বান জনাইছিল। তেওঁ গৰিমাক পৰ্যাপ্ত বিশ্ৰাম দিবলৈ, ব্যক্তিগত সিদ্ধান্ত আৰু ভৱিষ্যৎ পৰিকল্পনাক সন্মান জনাবলৈ আৰু অতিৰিক্ত মানসিক চাপৰ সৃষ্টি নকৰিবলৈ সকলোকে অনুৰোধ কৰিছিল।

চিকিৎসকগৰাকীয়ে লগতে কৈছিল যে এই সময়ত গৰিমাৰ বাবে মানসিক শান্তি, পৰ্যাপ্ত টোপনি, পুষ্টিকৰ খাদ্য আৰু পৰিয়ালৰ সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ ক্ষেত্ৰতো গৰিমাৰ সুস্বাস্থ্য আৰু মানসিক শান্তিৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়া উচিত বুলি তেওঁ মন্তব্য কৰিছিল।