বিলাস ইন হত্যাকাণ্ডত আহত সত্যেন্দ্ৰ পাঠকে ঘটনাৰ অভিজ্ঞতা বৰ্ণনা কৰে।
বৰপেটা , ৫ নৱেম্বৰঃ বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে ঘটনাটোত আহত সত্যেন্দ্ৰ পাঠকে।
সত্যেন্দ্ৰ পাঠকৰ মতে, হোটেলখনৰ ভিতৰলৈ যোৱা পথটো ঠেক হোৱা বাবে তেওঁলোকে গাড়ীখন ভিতৰলৈ নিয়া নাছিল।
তেওঁৰ ভাষ্য অনুসৰি, সেই সময়তে দেৱৰ্ষি নামৰ এজন লোকে পাৰ্কিঙত ঠাই নাপাই গাড়ীখন কিছু আগুৱাই বেৰৰ কাষত ৰাখিছিল।
ইয়াৰ পাছতে হোটেলৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত থকা অৱস্থাত কেইবাজনো লোকক হেঁচা-ঠেলাকৈ ভিতৰলৈ সোমাই যোৱা দেখা পায় তেওঁলোকে।
newznow.in