বৰপেটা , ৫ নৱেম্বৰঃ বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে ঘটনাটোত আহত সত্যেন্দ্ৰ পাঠকে। ঘৰলৈ উভতি আহি তেওঁ প্ৰকাশ কৰা ভাষ্য অনুসৰি, গাড়ী ৰখাক কেন্দ্ৰ কৰি হোৱা বাক-বিতণ্ডাৰ পাছতে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। প্ৰাণ ৰক্ষাৰ বাবে এখন কম্পিউটাৰ মেৰামতিৰ দোকানত আশ্ৰয় লোৱাৰ পাছতো তেওঁ গুলীবিদ্ধ হয়।

সত্যেন্দ্ৰ পাঠকৰ মতে, হোটেলখনৰ ভিতৰলৈ যোৱা পথটো ঠেক হোৱা বাবে তেওঁলোকে গাড়ীখন ভিতৰলৈ নিয়া নাছিল। একে স্থানতে দুখন হোটেল থকাৰ লগতে গ্ৰাহকৰ অহা-যোৱা অব্যাহত থকাৰ বাবে পথটো বন্ধ হোৱাৰ আশংকা আছিল। সেয়ে কিছু আঁতৰত গাড়ী ৰখাই তেওঁলোক খোজকাঢ়ি হোটেললৈ আহিছিল।

তেওঁৰ ভাষ্য অনুসৰি, সেই সময়তে দেৱৰ্ষি নামৰ এজন লোকে পাৰ্কিঙত ঠাই নাপাই গাড়ীখন কিছু আগুৱাই বেৰৰ কাষত ৰাখিছিল। কিছু সময়ৰ পাছতে ঘনকান্ত গগৈ তাত উপস্থিত হয়। গাড়ী ৰখাক কেন্দ্ৰ কৰি দুয়োৰে মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। অৱশ্যে তেওঁলোকৰ মাজত হোৱা কথোপকথন স্পষ্টকৈ শুনা নাছিল বুলি জনায় সত্যেন্দ্ৰই।

ইয়াৰ পাছতে হোটেলৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত থকা অৱস্থাত কেইবাজনো লোকক হেঁচা-ঠেলাকৈ ভিতৰলৈ সোমাই যোৱা দেখা পায় তেওঁলোকে। সত্যেন্দ্ৰৰ ভাষ্য অনুসৰি, হোটেলৰ অভ্যৰ্থনা কক্ষৰ কাঁচৰ মাজেৰে তেওঁ ঘনকান্ত গগৈক পিষ্টল লৈ গুলীচালনা কৰা দেখা পাইছিল। সেই সময়ত সন্মুখত থকা হেলেনা আৰু আন এগৰাকী লোকক গুলীয়াইছিল বুলি তেওঁ দাবী কৰে।

গুলীচালনা আৰম্ভ হোৱাৰ পাছতে নাৰায়ণ দাসে সত্যেন্দ্ৰক পলাবলৈ কয়। দুয়ো হোটেলৰ কাষৰ এখন কম্পিউটাৰ মেৰামতিৰ দোকানৰ দিশে দৌৰে। সত্যেন্দ্ৰ দোকানখনৰ ভিতৰত সোমাই আশ্ৰয় লয়। আনহাতে, নাৰায়ণ দাস আনফালে দৌৰি যায়।

সত্যেন্দ্ৰৰ অভিযোগ অনুসৰি, ঘনকান্ত গগৈয়ে প্ৰথমে নাৰায়ণ দাসক আক্ৰমণ কৰে। তাৰ পাছত দোকানখনৰ ভিতৰলৈ ঘূৰি আহি সত্যেন্দ্ৰক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীটো তেওঁৰ পিঠিৰ পিছফালে লাগে আৰু তেওঁ মাটিত ঢলি পৰে।

গুলীবিদ্ধ হৈ পৰি যোৱাৰ পাছত দোকানখনত থকা লোকসকলে তেওঁক উঠি বাহিৰলৈ যাবলৈ কয়। কিন্তু সেই সময়ত তেওঁ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছিল। কি কৈছিল বা কি কৰিছিল, সেয়াও মনত নাই বুলি জনায় সত্যেন্দ্ৰই। পাছত কোনোমতে উঠি বাহিৰলৈ ওলাই আহে তেওঁ।

ঘটনাটো পূৰ্বপৰিকল্পিত আছিল নেকি বুলি সোধা প্ৰসংগত সত্যেন্দ্ৰই নিজৰ সন্দেহ প্ৰকাশ কৰে। তেওঁৰ ধাৰণা, ঘটনাটো পূৰ্বৰে পৰা পৰিকল্পনা কৰি সংঘটিত কৰা হৈছিল। অৱশ্যে ঘনকান্ত গগৈৰ সৈতে পূৰ্বৰ চিনাকি আৰু ব্যৱহাৰৰ ভিত্তিত এনে ঘটনা ঘটিব পাৰে বুলি তেওঁলোকে কেতিয়াও ভবা নাছিল বুলিও উল্লেখ কৰে।