কৰ্ণালত ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন অমিত শ্বাহৰ।
কৰ্ণাল, ৫ নৱেম্বৰঃ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
শ্বাহে ৰাহুল গান্ধীক তেওঁৰ সকলো বিদেশ ভ্ৰমণৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায়।
ৰাহুল গান্ধীৰ শেহতীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয়, “আপুনি (ৰাহুল গান্ধী) ভিয়েটনামৰ পৰা উভতি আহিছে, কিন্তু এই বিষয়ে একো নকয়।
শ্বাহে লগতে কয় যে ৰাহুল গান্ধী এটা সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে আৰু সেয়েহে তেওঁৰ বিদেশ ভ্ৰমণৰ বিষয়ে জনসাধাৰণৰ জানিবলৈ অধিকাৰ আছে।
newznow.in