কৰ্ণাল, ৫ নৱেম্বৰঃ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে হাৰিয়ানাৰ কৰ্ণালত বিজেপিৰ ‘গণতন্ত্ৰ বচাওক, অৰাজকতা আঁতৰাওক’ অভিযানৰ অধীনত আয়োজিত পদযাত্ৰাত অংশগ্ৰহণ কৰি এখন সভাত ভাষণ দিয়ে শ্বাহে। সভাত তেওঁৰ মূল লক্ষ্য আছিল ৰাহুল গান্ধী।

শ্বাহে ৰাহুল গান্ধীক তেওঁৰ সকলো বিদেশ ভ্ৰমণৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লোকসভাৰ বিৰোধী দলপতি হিচাপে তেওঁৰ বিদেশ ভ্ৰমণৰ বিষয়ে জনসাধাৰণৰ জানিবলৈ অধিকাৰ আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

ৰাহুল গান্ধীৰ শেহতীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয়, “আপুনি (ৰাহুল গান্ধী) ভিয়েটনামৰ পৰা উভতি আহিছে, কিন্তু এই বিষয়ে একো নকয়। স্বচ্ছতা থাকিব লাগে। ৰাহুলজী, অনুগ্ৰহ কৰি আপোনাৰ সকলো বিদেশ ভ্ৰমণৰ তথ্য জনসাধাৰণক দিয়ক। আপুনি ভিয়েটনামত কিমান দিন আছিল, কাৰ সৈতে সাক্ষাৎ কৰিছিল, কিয় গৈছিল আৰু আপোনাৰ কাৰ্যসূচী কি আছিল—সকলো কথা জনাওক।”

শ্বাহে লগতে কয় যে ৰাহুল গান্ধী এটা সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে আৰু সেয়েহে তেওঁৰ বিদেশ ভ্ৰমণৰ বিষয়ে জনসাধাৰণৰ জানিবলৈ অধিকাৰ আছে।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুকলি বিতৰ্কৰ বাবে ৰাহুল গান্ধীয়ে জনোৱা প্ৰত্যাহ্বানৰো প্ৰত্যুত্তৰ দিয়ে শ্বাহে। তেওঁ কয়, ৰাহুল গান্ধীয়ে যদি ৰাজপথতে বিতৰ্ক কৰিব বিচাৰে, তেন্তে হাৰিয়ানাৰ যিকোনো এটা চাৰিআলি বাছি ল’ব পাৰে। প্ৰধানমন্ত্ৰী মোদীৰ কথা বাদেই, বিজেপি যুৱ মৰ্চাৰ সভাপতিয়েই তেওঁৰ সৈতে বিতৰ্ক কৰিবলৈ যথেষ্ট।

উল্লেখ্য যে, ‘গণতন্ত্ৰ বচাওক, অৰাজকতা আঁতৰাওক’ শীৰ্ষক অভিযানৰ অধীনত বিজেপিয়ে INDIA মিত্ৰজোঁটৰ বিৰুদ্ধে দেশজুৰি পদযাত্ৰা উলিয়াইছে। এই অভিযানৰ অংশ হিচাপেই কৰ্ণালত পদযাত্ৰা আৰু সভাৰ আয়োজন কৰা হৈছিল।