অসম

অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে হ'ব নতুন আইন প্ৰণয়ন

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

নদীপাৰৰ নিৰ্মাণ আৰু ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে বান-সমভূমি মণ্ডলীকৰণ বিধেয়ক আনিবলৈ সাজু হৈছে অসম চৰকাৰ।

২ / ৫

গুৱাহাটী, ৫ নৱেম্বৰঃ অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ আৰু নিৰ্মাণ-কাৰ্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে প্ৰস্তাৱিত বান-সমভূমি মণ্ডলীকৰণ বিধেয়কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে নদীৰ দুয়োপাৰে নিষিদ্ধ আৰু নিয়ন্ত্ৰিত অঞ্চল নিৰ্ধাৰণৰ পৰিকল্পনা কৰা হৈছে।

৪ / ৫

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, বিধেয়কখন ৰূপায়ণৰ বাবে বিভিন্ন প্ৰশাসনিক স্তৰত বান মণ্ডলীকৰণ কৰ্তৃপক্ষ গঠনৰ ব্যৱস্থা থাকিব।

৫ / ৫

পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নদীপাৰৰ পৰম্পৰাগতভাৱে বসবাস কৰি অহা অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়ে।

অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে হ'ব নতুন আইন প্ৰণয়ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক