গুৱাহাটী, ৫ নৱেম্বৰঃ অসমৰ নদীপাৰৰ ভূমি ব্যৱহাৰ আৰু নিৰ্মাণ-কাৰ্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে প্ৰস্তাৱিত বান-সমভূমি মণ্ডলীকৰণ বিধেয়কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে এই সন্দৰ্ভত বিষয়াসকলৰ সৈতে বৈঠকত বহে মুখ্যমন্ত্ৰীগৰাকী।

প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে নদীৰ দুয়োপাৰে নিষিদ্ধ আৰু নিয়ন্ত্ৰিত অঞ্চল নিৰ্ধাৰণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত বানৰ আশংকা থকা অঞ্চলত নিৰ্মাণ-কাৰ্য আৰু অন্যান্য ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিব পৰা যাব। বানৰ সময়ত নদীয়ে স্বাভাৱিক গতিপথেৰে প্ৰবাহিত হ’ব পৰাকৈ অধিক ঠাই নিশ্চিত কৰাও এই পদক্ষেপৰ অন্যতম লক্ষ্য।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, বিধেয়কখন ৰূপায়ণৰ বাবে বিভিন্ন প্ৰশাসনিক স্তৰত বান মণ্ডলীকৰণ কৰ্তৃপক্ষ গঠনৰ ব্যৱস্থা থাকিব। এই ব্যৱস্থা গ্ৰামাঞ্চল আৰু নগৰাঞ্চল—উভয়তে প্ৰযোজ্য হ’ব। ইয়াৰ মূল উদ্দেশ্য হৈছে বানৰ ফলত মানুহৰ জীৱন, সম্পত্তি আৰু জীৱিকাৰ ওপৰত পৰা ক্ষতি হ্ৰাস কৰা।

পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নদীপাৰৰ পৰম্পৰাগতভাৱে বসবাস কৰি অহা অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়ে।

প্ৰস্তাৱিত বিধেয়কখন অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানত ১০৪জন লোকৰ মৃত্যু হৈছিল। ৰাজ্যখনত বাৰে বাৰে দেখা দিয়া বানৰ ক্ষয়-ক্ষতিৰ পৰিপ্ৰেক্ষিতত অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।