দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদৰ বিৰুদ্ধে চাৰি সপ্তাহলৈ কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে।
নতুন দিল্লী, ২৯ অক্টোবৰঃ দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদ ভাঙি পেলোৱাৰ আশংকাৰ মাজতে চাৰি সপ্তাহলৈ কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে।
আদালতত দিয়া আশ্বাস অনুসৰি, দিল্লী ৱাক্ফ ব’ৰ্ডে দাখিল কৰা আবেদনখন বিবেচনা কৰি চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব ভূমি আৰু উন্নয়ন কাৰ্যালয়ে (L&DO)।
মছজিদটোৰ সুৰক্ষা আৰু উপাসনাৰ বাবে প্ৰৱেশৰ অধিকাৰ বিচাৰি ছৈয়দ আহমেদ ছৌদ নামৰ এজন উপাসকে আদালতৰ দ্বাৰস্থ হৈছিল।
আবেদনকাৰীৰ দাবী অনুসৰি, ১৯৭৭ চনৰ চৰকাৰী গেজেটত মছজিদটোক ৱাক্ফ সম্পত্তি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
newznow.in