নতুন দিল্লী, ২৯ অক্টোবৰঃ দিল্লীৰ ৰেচ ক’ৰ্ছ মছজিদ ভাঙি পেলোৱাৰ আশংকাৰ মাজতে চাৰি সপ্তাহলৈ কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে। দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰে এই কথা জনোৱাৰ পাছত মছজিদটোক লৈ চলি থকা বিবাদত সাময়িক সকাহ পোৱা গৈছে।
আদালতত দিয়া আশ্বাস অনুসৰি, দিল্লী ৱাক্ফ ব’ৰ্ডে দাখিল কৰা আবেদনখন বিবেচনা কৰি চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব ভূমি আৰু উন্নয়ন কাৰ্যালয়ে (L&DO)। এই সময়ছোৱাত মছজিদটোৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।
মছজিদটোৰ সুৰক্ষা আৰু উপাসনাৰ বাবে প্ৰৱেশৰ অধিকাৰ বিচাৰি ছৈয়দ আহমেদ ছৌদ নামৰ এজন উপাসকে আদালতৰ দ্বাৰস্থ হৈছিল। তেওঁৰ অভিযোগ অনুসৰি, মছজিদলৈ মানুহৰ আহ-যাহত বাধা দিয়া হৈছিল আৰু ৭ অক্টোবৰত ইয়াৰ পানী আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল। মছজিদটো ভাঙি পেলোৱাৰ আশংকাও প্ৰকাশ কৰিছিল আবেদনকাৰীয়ে।
আবেদনকাৰীৰ দাবী অনুসৰি, ১৯৭৭ চনৰ চৰকাৰী গেজেটত মছজিদটোক ৱাক্ফ সম্পত্তি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে, দিল্লী চৰকাৰৰ ২০০৯ চনৰ অধিসূচনা অনুসৰি ইয়াক দ্বিতীয় শ্ৰেণীৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, কেন্দ্ৰীয় চৰকাৰে আদালতত জনাইছে যে বৰ্তমান মছজিদটো ভাঙি পেলোৱাৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই। মছজিদৰ চৌপাশৰ এলেকাত চলি থকা উচ্ছেদ অভিযানৰ সময়ত সুৰক্ষাজনিত কাৰণত প্ৰৱেশ আৰু পানী-বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে বুলি চৰকাৰৰ পক্ষই জনাইছে।