ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাবে অসম চৰকাৰে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে।
গুৱাহাটী, ৬ নৱেম্বৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদ্যাপনৰ সামৰণি অনুষ্ঠানত অংশ ল’ব বিচৰা লোকসকলৰ বাবে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে অসম চৰকাৰে।
অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এই সামৰণি অনুষ্ঠান।
ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
অনুষ্ঠানত শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ ‘পাপন’ মহন্ত, কবিতা কৃষ্ণমূৰ্তি, এল সুব্ৰমনিয়াম আৰু মহালক্ষ্মী আয়াৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে সংগীত পৰিৱেশন কৰিব।
newznow.in