গুৱাহাটী, ৬ নৱেম্বৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি অনুষ্ঠানত অংশ ল’ব বিচৰা লোকসকলৰ বাবে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে অসম চৰকাৰে। ৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰ্টেল মুকলি কৰে।

অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এই সামৰণি অনুষ্ঠান। পঞ্জীয়নৰ সুবিধা ২৮ নৱেম্বৰলৈকে খোলা থাকিব। ১২ নৱেম্বৰৰ পৰা পঞ্জীয়নকাৰীসকলে নিজৰ প্ৰৱেশ-পত্ৰ ডাউনলোড কৰিব পাৰিব। অৱশ্যে প্ৰৱেশ-পত্ৰ লাভৰ পূৰ্বে আবেদনকাৰীৰ বাধ্যতামূলক পৰিচয় আৰু পটভূমি পৰীক্ষা কৰা হ’ব।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ’ব।

অনুষ্ঠানত শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ ‘পাপন’ মহন্ত, কবিতা কৃষ্ণমূৰ্তি, এল সুব্ৰমনিয়াম আৰু মহালক্ষ্মী আয়াৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে সংগীত পৰিৱেশন কৰিব।

অসমৰ শিল্পীসকলৰ ভিতৰত তৰালী শৰ্মা, মৌচুমী চহৰীয়া, আনন্দিতা পল, জুবলী বৰুৱা, নাহিদ আফ্ৰিন, শংকুৰাজ কোঁৱৰ, ৰূপম ভূঞা, দীক্ষু শৰ্মা, ডাৱৰ হাজৰিকা, ময়ূৰ হাজৰিকা আৰু অচুৰ্য বৰপাত্ৰই অংশগ্ৰহণ কৰাৰ কথা।

ইয়াৰ উপৰি অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা প্ৰায় ১,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা কৰি দিব। সাংস্কৃতিক কাম-কাজৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক বাছনি কৰি দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব।

এই অনুষ্ঠানৰ জৰিয়তে সংগীত, সংস্কৃতি আৰু সমাজলৈ ড° ভূপেন হাজৰিকাৰ অৱদানক সুঁৱৰি বছৰজোৰা জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি পৰিব।