নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ অভিযানত এখন ট্ৰাকৰ পৰা ১৭টা গৰু জব্দ কৰা হয়।
নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ১৭টা গৰু জব্দ কৰা হৈছে।
জানিব পৰা মতে, AS-01-RC-6074 পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ১৭টা গৰু জব্দ কৰে।
আনহাতে, AS-01-FW-7772 পঞ্জীয়ন নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ বাহনো আৰক্ষীয়ে জব্দ কৰিছে।
ঘটনাটোৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ লগতে সন্দেহযুক্ত গৰু সৰবৰাহৰ চক্ৰটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
newznow.in