নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ১৭টা গৰু জব্দ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকখনৰ চালক ববিদুল আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন চুইফ্ট ডিজায়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, AS-01-RC-6074 পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ১৭টা গৰু জব্দ কৰে। ট্ৰাকখনৰ চালক ববিদুল আলী খংৰাৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আনহাতে, AS-01-FW-7772 পঞ্জীয়ন নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ বাহনো আৰক্ষীয়ে জব্দ কৰিছে। অৱশ্যে, বাহনখনৰ সৈতে গৰু সৰবৰাহৰ সম্পৰ্ক সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।

ঘটনাটোৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ লগতে সন্দেহযুক্ত গৰু সৰবৰাহৰ চক্ৰটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।