ত্ৰিপুৰাৰ সিপাহীজলা জিলাৰ আশাবাৰীত বি এছ এফ জোৱানৰ ওপৰত আক্ৰমণৰ ঘটনাত ১৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আগৰতলা, ৬ নৱেম্বৰঃ ত্ৰিপুৰাৰ সিপাহীজলা জিলাৰ আশাবাৰীত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নতুনকৈ আঠজন লোকক গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি, আশাবাৰী অঞ্চলত কৰ্তব্যৰত বি এছ এফৰ জোৱানসকলৰ ওপৰত সন্দেহযুক্ত চোৰাং ব্যৱসায়ী আৰু একাংশ গাঁওবাসীয়ে আক্ৰমণ চলাইছিল।
ইফালে, বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ অধ্যক্ষতাত এখন উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
newznow.in