আগৰতলা, ৬ নৱেম্বৰঃ ত্ৰিপুৰাৰ সিপাহীজলা জিলাৰ আশাবাৰীত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাত এজাহাৰত নাম থকা ১৯ জন অভিযুক্তৰ ভিতৰত এজন এতিয়াও পলাতক হৈ আছে।

বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নতুনকৈ আঠজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ৩ নৱেম্বৰত ১০ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ মতে, পলাতক অভিযুক্তজনকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলোৱা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।

অভিযোগ অনুসৰি, আশাবাৰী অঞ্চলত কৰ্তব্যৰত বি এছ এফৰ জোৱানসকলৰ ওপৰত সন্দেহযুক্ত চোৰাং ব্যৱসায়ী আৰু একাংশ গাঁওবাসীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত চাৰিজন বি এছ এফ জোৱান আহত হৈছিল।

ইফালে, বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ অধ্যক্ষতাত এখন উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ লগতে সীমান্তৰ সিপাৰৰ পৰা চলি থকা চোৰাং ব্যৱসায় ৰোধৰ বিষয়েও আলোচনা কৰা হয়।

বৈঠকত মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি এছ ৰাও, গৃহ সচিব অভিষেক সিং আৰু বি এছ এফৰ মহাপৰিদৰ্শক প্ৰিন্সী ৰাণী উপস্থিত থাকে। চি আৰ পি এফ আৰু অসম ৰাইফলছৰ প্ৰতিনিধিও বৈঠকত অংশ লয়।

মুখ্যমন্ত্ৰী মানিক সাহাই আক্ৰমণৰ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ জোৱানৰ ওপৰত আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। লগতে সীমান্তৰ সিপাৰৰ পৰা চলি থকা চোৰাং ব্যৱসায় ৰোধৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে।