পাছিঘাটত আৰক্ষী থানা আৰু NHPC কাৰ্যালয়ত অগ্নিসংযোগৰ লগতে কেইবাখনো আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ অভিযোগ উঠিছে।
অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত প্ৰস্তাৱিত ছিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্টৰ (SUMP) বিৰোধিতাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।
শুকুৰবাৰে দিনৰ ভাগত ছিয়াং, আপাৰ ছিয়াং আৰু পূব ছিয়াং জিলাৰ বিভিন্ন অঞ্চলত প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে ১২ ঘণ্টীয়া বন্ধ পালন কৰা হৈছিল।
পূব ছিয়াং জিলাৰ উপায়ুক্ত জয়ন্তী পাৰ্টিনৰ বক্তব্য অনুসৰি, প্ৰতিবাদকাৰীসকলক আঁতৰি যাবলৈ বুজাবলৈ স্থানীয় দণ্ডাধীশ আৰু নিৰাপত্তাৰক্ষীয়ে প্ৰায় দুঘণ্টা ধৰি চেষ্টা চলায়।
হিংসাত্মক ঘটনাৰ সময়ত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কলিং ময়ং আৰু বিধায়ক নিনং এৰিঙৰ বাসগৃহৰো ক্ষতিসাধন কৰা হয় বুলি বিষয়াসকলে জনাইছে।
newznow.in