শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত আটাছুৱে সভাপতি বসন্ত গগৈৰ নেতৃত্বত অভিযান আৰম্ভ কৰিছে।
শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত অভিযান আৰম্ভ কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই (আটাছু)।
প্ৰায় ৩০০ বছৰ পুৰণি শিৱসাগৰ নগৰৰ বৰপুখুৰী, শিৱ দ'ল, দেৱী দ'ল আৰু বিষ্ণু দ'লৰ সৈতে যমুনাৰ নিবিড় সম্পৰ্ক আছে।
এই বিষয়ত শিৱসাগৰ জিলা প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে আটাছুৱে।
উল্লেখযোগ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত জলসম্পদ বিভাগৰ পৃষ্ঠপোষকতাত ৯.২৭ কোটি টকা ব্যয় সাপেক্ষে যমুনাৰ সৌন্দৰ্যবৰ্ধনৰ কাম হাতত লোৱা হৈছে।
newznow.in