শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত অভিযান আৰম্ভ কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই (আটাছু)। সংগঠনটোৰ সভাপতি বসন্ত গগৈৰ নেতৃত্বত এই অভিযান চলোৱা হৈছে। ২০০৪ চনত নিৰ্ধাৰণ কৰা যমুনাৰ সীমাৰ ভিত্তিত বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

প্ৰায় ৩০০ বছৰ পুৰণি শিৱসাগৰ নগৰৰ বৰপুখুৰী, শিৱ দ'ল, দেৱী দ'ল আৰু বিষ্ণু দ'লৰ সৈতে যমুনাৰ নিবিড় সম্পৰ্ক আছে। এই ঐতিহাসিক পুখুৰী আৰু দ'লসমূহৰ পৰিৱেশ তন্ত্ৰৰ বাবেও যমুনা গুৰুত্বপূৰ্ণ। কিন্তু যমুনাৰ বিভিন্ন অংশ বেদখলৰ কবলত পৰাৰ ফলত ঐতিহাসিক সম্পদসমূহৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে।

এই বিষয়ত শিৱসাগৰ জিলা প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে আটাছুৱে। সংগঠনটোৰ অভিযোগ, দীৰ্ঘদিন ধৰি বেদখলৰ সমস্যা চলি থকাৰ পাছতো যমুনাক সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

উল্লেখযোগ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত জলসম্পদ বিভাগৰ পৃষ্ঠপোষকতাত ৯.২৭ কোটি টকা ব্যয় সাপেক্ষে যমুনাৰ সৌন্দৰ্যবৰ্ধনৰ কাম হাতত লোৱা হৈছে। কিন্তু আটাছুৰ দাবী, সৌন্দৰ্যবৰ্ধনৰ কাম আগবঢ়োৱাৰ পূৰ্বে যমুনাৰ সীমা সঠিকভাৱে নিৰ্ধাৰণ কৰি সুৰক্ষিত কৰাটো প্ৰয়োজনীয়। ২০০৪ চনত নিৰ্ধাৰণ কৰা সীমাৰ ভিত্তিত যমুনাৰ বেদখলমুক্ত কৰাৰ দাবী জনাইছে সংগঠনটোৱে।

আটাছুৰ অভিযোগ অনুসৰি, যমুনাৰ এক বৃহৎ অংশ তাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান আৰু একাংশ ব্যক্তিৰ দখলত আছে। এই স্থানসমূহৰ বেদখলৰ অভিযোগ পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজেও দাবী জনাইছে।

ঐতিহাসিক যমুনাৰ সংৰক্ষণ, সীমা সুৰক্ষিত কৰা আৰু বেদখলৰ অভিযোগসমূহৰ তদন্তৰ দাবীত আটাছুৱে গ্ৰহণ কৰা এই পদক্ষেপে বিষয়টোক পুনৰ চৰ্চালৈ আনিছে। এতিয়া জিলা প্ৰশাসনে এই দাবীসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।