অসম

“হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত জড়িত নাছিল” — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত গগৈ জড়িত নাছিল বুলি দাবী কৰিছে তেওঁৰ পত্নী জোনমণি গগৈয়ে।

২ / ৫

নাহৰকটীয়া, ৬ নৱেম্বৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুক লৈ নতুন অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী জোনমণি গগৈয়ে।

৩ / ৫

সাংবাদিকৰ আগত দিয়া সাক্ষাৎকাৰত জোনমণিয়ে অভিযোগ কৰে যে ঘনকান্তক আলোচনাৰ বাবে মাতি নি চক্ৰান্তৰে এই ঘটনাত জড়িত কৰোৱা হৈছিল।

৪ / ৫

জোনমণিৰ অভিযোগ, নিশাৰ ভাগত ঘনকান্তক শিৱসাগৰলৈ নিয়াৰ আঁৰত তেওঁক হত্যা কৰাৰ পৰিকল্পনা আছিল।

৫ / ৫

নিজৰ স্বামী মদ্যপান নকৰিছিল বুলি দাবী কৰি জোনমণিয়ে কয় যে ঘনকান্ত কোনো কাৰণতে হত্যাৰ দৰে অপৰাধত জড়িত হ’ব নোৱাৰে।

“হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত জড়িত নাছিল” — পত্নী জোনমণিৰ বিস্ফোৰক অভিযোগ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক