নাহৰকটীয়া, ৬ নৱেম্বৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুক লৈ নতুন অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী জোনমণি গগৈয়ে। তেওঁৰ দাবী, হোটেল বিলাস ইন হত্যাকাণ্ডৰ সৈতে ঘনকান্ত কোনোপ্ৰকাৰে জড়িত নাছিল। কোনো বৃহৎ চক্ৰই তেওঁক এই ঘটনাত ব্যৱহাৰ কৰিছিল আৰু পিছত পৰিকল্পিতভাৱে হত্যা কৰি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰা হৈছে।

সাংবাদিকৰ আগত দিয়া সাক্ষাৎকাৰত জোনমণিয়ে অভিযোগ কৰে যে ঘনকান্তক আলোচনাৰ বাবে মাতি নি চক্ৰান্তৰে এই ঘটনাত জড়িত কৰোৱা হৈছিল। এটা গোচৰত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত আন এটা সন্দেহযুক্ত গোচৰৰ তদন্তৰ বাবে শিৱসাগৰ আৰক্ষীয়ে তেওঁৰ অধিবক্তা বা পৰিয়ালক অৱগত নকৰাকৈ পুনৰ জিম্মাত লোৱাক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ।

জোনমণিৰ অভিযোগ, নিশাৰ ভাগত ঘনকান্তক শিৱসাগৰলৈ নিয়াৰ আঁৰত তেওঁক হত্যা কৰাৰ পৰিকল্পনা আছিল। তেওঁৰ মতে, বৃহৎ চক্ৰটোৰ কাণ্ড যাতে পোহৰলৈ নাহে, তাৰ বাবেই ঘনকান্তক সাংবাদিকৰ আগত কোনো কথা ক’বলৈ দিয়া হোৱা নাছিল।

নিজৰ স্বামী মদ্যপান নকৰিছিল বুলি দাবী কৰি জোনমণিয়ে কয় যে ঘনকান্ত কোনো কাৰণতে হত্যাৰ দৰে অপৰাধত জড়িত হ’ব নোৱাৰে। তেওঁক চক্ৰটোৱে প্ৰৰোচিত কৰি এই ঘটনাত ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ কৰে।

ইফালে, ঘনকান্তৰ ভাতৃ শুভকান্ত গগৈয়েও এই ঘটনাক লৈ মন্তব্য কৰিছে। বৰপেটাৰ একাংশ লোকে কৰা প্ৰতিবাদক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে হেলেনা ভৰালীক লৈও মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচজন লোকক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিহ্নিত ঘনকান্ত গগৈক ৩ নৱেম্বৰৰ বিয়লি আন এটা অপৰাধৰ তদন্তৰ বাবে শিৱসাগৰলৈ নিয়া হৈছিল।

৬ নৱেম্বৰৰ পুৱতি নিশা ফুলপানিছিগা অঞ্চলত প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ চলেৰে ঘনকান্তই আৰক্ষীৰ পিষ্টল কাঢ়ি গুলীচালনাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ ভাষ্য। ইয়াৰ পাছতে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত তেওঁৰ মৃত্যু হয়।

ঘটনাৰ পাছত মৃতদেহটো প্ৰথমে শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল। পিছত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ তিনিজন ফৰেনছিক বিশেষজ্ঞ উপস্থিত থকাৰ আইনী নিয়ম অনুসৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয়।

দিনজোৰা অপেক্ষাৰ অন্তত ঘনকান্তৰ মৃতদেহ তেওঁৰ জন্মস্থান জয়পুৰ তাঁতীপথাৰ গাঁৱৰ পিতৃগৃহলৈ নিয়া হয়। তাত অঞ্চলবাসীৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মুখাগ্নি কৰে তেওঁৰ ভাতৃ শুভকান্ত গগৈয়ে।