জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাক লৈ আপত্তি জনাইছে হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, “দম আছে যদি উচ্চতম ন্যায়ালয়ত গৈ বিৰোধ কৰক।” তেওঁৰ মতে, জুবিনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিব বিচাৰিলে আন্দোলনকাৰীসকলে আইনী পথ গ্ৰহণ কৰা উচিত।
বাসভৱনৰ সন্মুখত প্ৰতিবাদ হোৱাক লৈ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়টোও উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
জুবিন গাৰ্গৰ নামত অসমত অশান্তি সৃষ্টি কৰিব নালাগে বুলিও মন্তব্য কৰে শৰ্মাই।
newznow.in