গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে তেওঁ আন্দোলনকাৰীসকলক বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ত গৈ জামিনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয়, “দম আছে যদি উচ্চতম ন্যায়ালয়ত গৈ বিৰোধ কৰক।” তেওঁৰ মতে, জুবিনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিব বিচাৰিলে আন্দোলনকাৰীসকলে আইনী পথ গ্ৰহণ কৰা উচিত।
বাসভৱনৰ সন্মুখত প্ৰতিবাদ হোৱাক লৈ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়টোও উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, এনে প্ৰতিবাদে পত্নী আৰু সন্তানৰ সুৰক্ষাক লৈ উদ্বেগ সৃষ্টি কৰিব পাৰে। তেওঁ দিনটোৰ বেছিভাগ সময় ঘৰত নাথাকে বুলিও উল্লেখ কৰি কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ আশংকা প্ৰকাশ কৰে।
জুবিন গাৰ্গৰ নামত অসমত অশান্তি সৃষ্টি কৰিব নালাগে বুলিও মন্তব্য কৰে শৰ্মাই। তেওঁৰ মতে, জুবিনে নিজেই অশান্তি পছন্দ কৰা নাছিল। কেৱল তেওঁৰ বাসভৱনেই নহয়, আন মন্ত্ৰীৰ বাসভৱনৰ সন্মুখতো প্ৰতিবাদ হোৱাৰ কথা উল্লেখ কৰি এনে প্ৰতিবাদৰ পদ্ধতিক লৈ প্ৰশ্ন তোলে মুখ্যমন্ত্ৰীয়ে।
ইফালে, অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰিলে মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ কথা কোৱা বুলি অভিযোগ কৰে শৰ্মাই। এনে মন্তব্যৰ বাবে আদালত অৱমাননাৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ মুখ্য ন্যায়াধীশক আহ্বান জনাব বুলিও কয়।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত জুবিন ক্ষেত্ৰ, চচল আৰু মন্ত্ৰী আৱাসৰ সন্মুখত ইতিমধ্যে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰতিবাদকাৰীসকলে ৰাজপথত প্ৰতিবাদৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি আহিছে।
আনহাতে, মুখ্যমন্ত্ৰীয়ে এই দাবীসমূহ আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়াই নিয়াৰ পোষকতা কৰিছে। আন্দোলনকাৰীসকলে প্ৰতিবাদৰ পদ্ধতি সলনি কৰে নে উচ্চতম ন্যায়ালয়ত নতুন পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।