জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সন্দীপনৰ জামিন আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ স্থগিত।
গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সন্দীপনৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়।
মহাধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।
আনহাতে, অভিযুক্ত পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন প্ৰদান কৰাৰ কথা উচ্চতম ন্যায়ালয়ত উল্লেখ কৰে।
দেৱজিৎ লন শইকীয়াই লগতে কয় যে গোচৰটোৰ মুঠ ৩৯৪গৰাকী সাক্ষী আছে।
newznow.in