গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সন্দীপনৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। অৱশ্যে দুয়োৰে জামিন আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ স্থগিত ৰখা হয়। একেদিনাই অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে অসম চৰকাৰে দাখিল কৰা বিশেষ অনুমতি আবেদনকেইখনৰো শুনানি গ্ৰহণ কৰা হ’ব।

মহাধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁৰ মতে, এই গোচৰত ইতিমধ্যে ৩-৪ বাৰ শুনানি হৈছে। আজি শুনানিৰ সময়ত অসম চৰকাৰৰ পক্ষই আদালতক জনায় যে এতিয়ালৈকে প্ৰায় ১৪৩গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। বাকী সাক্ষীসকলৰ ভিতৰত চৰকাৰী সাক্ষীও আছে।

আনহাতে, অভিযুক্ত পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন প্ৰদান কৰাৰ কথা উচ্চতম ন্যায়ালয়ত উল্লেখ কৰে। ইয়াৰ প্ৰত্যুত্তৰত অসম চৰকাৰে জনায় যে সেই জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিশেষ অনুমতি আবেদন দাখিল কৰা হৈছে। সেই আবেদনসমূহৰ শুনানি ১৬ নৱেম্বৰত নিৰ্ধাৰণ কৰা আছিল বুলি চৰকাৰী পক্ষই আদালতক অৱগত কৰে। ইয়াৰ পিছতে চাৰিখন আবেদন একেলগে ৩০ নৱেম্বৰত শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰা হয়।

দেৱজিৎ লন শইকীয়াই লগতে কয় যে গোচৰটোৰ মুঠ ৩৯৪গৰাকী সাক্ষী আছে। কিন্তু সকলোকে আদালতলৈ মাতি পঠিওৱাৰ পৰিৱৰ্তে গোচৰ প্ৰমাণৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ সাক্ষ্যগ্ৰহণত গুৰুত্ব দিয়া হৈছে। চৰকাৰী পক্ষই প্ৰায় ২৩০ৰ পৰা ২৪০গৰাকী সাক্ষীৰ ভিতৰত সাক্ষ্যগ্ৰহণ সীমিত ৰখাৰ পৰিকল্পনা কৰিছে।

তেওঁৰ মতে, ৮ জুনৰ পৰা গোচৰটোৰ সাক্ষ্যগ্ৰহণ আৰম্ভ হৈছে আৰু বিগত ৪-৫ মাহ ধৰি দৈনিক শুনানি চলি আছে। চৰকাৰী পক্ষই কোনো পৰ্যায়তে শুনানি পিছুৱাই দিবলৈ আবেদন কৰা নাই বুলিও তেওঁ দাবী কৰে।

মহাধিবক্তাগৰাকীয়ে কয় যে গোচৰটো এইদৰে চলি থাকিলে অহা ৩-৪ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব পাৰে। জুবিন গাৰ্গে ন্যায় পোৱাৰ বাবে অসম চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সন্দীপনে এতিয়ালৈকে জামিন লাভ কৰা নাই।