পঞ্জাবৰ পাটিয়ালাত কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
পাটিয়ালা, ৬ নৱেম্বৰঃ পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে দুপৰীয়া কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
আজতকৰ প্ৰতিবেদন অনুসৰি, ৰে’লখনৰ খাদ্য প্ৰস্তুত কৰা দবাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।
পাটিয়ালাৰ উপায়ুক্ত হিমাংশু আগৰৱালে জানিবলৈ দিয়া মতে, ঘটনাত কোনো লোকৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।
ঘটনাটোৰ পিছতে ৰে’লৱে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।
newznow.in