পাটিয়ালা, ৬ নৱেম্বৰঃ পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে দুপৰীয়া কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পঞ্জাবৰ পৰা বিহাৰ অভিমুখে গৈ থকা ৰে’লখন ৰাজপুৰাত উপস্থিত হোৱাৰ সময়তে চৰাই বঞ্জাৰা গাঁৱৰ ওচৰত জুইৰ সূত্ৰপাত হয়। ঘটনাৰ পিছতে আতংকিত যাত্ৰীসকল ৰে’লৰ পৰা নামি আহে।

আজতকৰ প্ৰতিবেদন অনুসৰি, ৰে’লখনৰ খাদ্য প্ৰস্তুত কৰা দবাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল। পিছলৈ জুই আন কেইটামান দবালৈ বিয়পি পৰে। ৰে’লৰ অগ্নি-সতৰ্কবাণী ব্যৱস্থা সক্ৰিয় হোৱাৰ পিছতে যাত্ৰীসকল সতৰ্ক হৈ ৰে’লৰ পৰা নামি আহে।

পাটিয়ালাৰ উপায়ুক্ত হিমাংশু আগৰৱালে জানিবলৈ দিয়া মতে, ঘটনাত কোনো লোকৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিছে।

ঘটনাটোৰ পিছতে ৰে’লৱে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাৰ সকলো সম্ভাৱ্য দিশ তদন্তৰ আওতালৈ অনা হ’ব বুলি ৰে’লৱেৰ তৰফৰ পৰা জনোৱা হৈছে।