নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনৰ বৃহত্তৰ গুৱাহাটী গোটে ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টা পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ ঘোষণা কৰিছে।
গুৱাহাটী, ৬ নৱেম্বৰঃ তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি ১২ নৱেম্বৰত গুৱাহাটী মহানগৰীত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে North East India…
সংস্থাটোৰ বিজ্ঞপ্তি অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প বন্ধ ৰখা হ’ব।
তেল বিপণন কোম্পানীসমূহে ডিলাৰসকলৰ সৈতে একপক্ষীয় আৰু স্বেচ্ছাচাৰী আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে।
ইয়াৰ উপৰি, টেংকাৰৰ জৰিয়তে ইন্ধন পৰিবহণৰ বাবে চলি থকা Consortium ব্যৱস্থা কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
newznow.in