গুৱাহাটী, ৬ নৱেম্বৰঃ তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি ১২ নৱেম্বৰত গুৱাহাটী মহানগৰীত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে North East India Petroleum Dealers Association-ৰ বৃহত্তৰ গুৱাহাটী গোটে।
সংস্থাটোৰ বিজ্ঞপ্তি অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প বন্ধ ৰখা হ’ব।
তেল বিপণন কোম্পানীসমূহে ডিলাৰসকলৰ সৈতে একপক্ষীয় আৰু স্বেচ্ছাচাৰী আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে। বিজ্ঞপ্তিত অভিযোগ কৰা হৈছে যে কোনো আগতীয়া জাননী বা শুনানিৰ সুযোগ নিদিয়াকৈ ডিলাৰসকলক পেট্ৰ’ল আৰু ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি দিয়া হৈছে।
ইয়াৰ উপৰি, টেংকাৰৰ জৰিয়তে ইন্ধন পৰিবহণৰ বাবে চলি থকা Consortium ব্যৱস্থা কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ইয়াৰ ফলত ডিলাৰ আৰু পৰিবহণকাৰীসকল লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে সংস্থাই। Indian Oil-ৰ এগৰাকী বিষয়াই এজন ডিলাৰক ইন্ধন যোগান বন্ধ কৰাৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰা হৈছে।
ডিলাৰসকলক অতিৰিক্ত Lubricant ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগো কৰিছে সংগঠনটোৱে। পেট্ৰ’ল-ডিজেলৰ যোগান অব্যাহত ৰখাৰ চৰ্ত হিচাপে অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি সংস্থাটোৱে দাবী কৰিছে।
আনহাতে, ডিলাৰৰ SAP একাউণ্টৰ পৰা আগতীয়া জাননী বা যথাযথ প্ৰক্ৰিয়া অবিহনে ধন কৰ্তন, অনুমোদিত ৰাজসাহায্য আৰু বিভিন্ন কামৰ বাবদ প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে সংস্থাই।
বিজ্ঞপ্তি অনুসৰি, Legal Metrology বিভাগৰ কামৰ বাবদ আগবঢ়োৱা ধন, Calibration Charge আৰু অন্যান্য অনুমোদিত ব্যয়ৰ ধনো দীৰ্ঘদিন ধৰি ডিলাৰসকলে ঘূৰাই পোৱা নাই। এই ধন ১৫ দিনৰ ভিতৰত আদায় দিয়াৰ দাবী জনাইছে সংগঠনটোৱে।
সংস্থাটোৱে সকীয়াই দিছে যে উত্থাপিত অভিযোগসমূহৰ সমাধান নকৰিলে ১২ নৱেম্বৰৰ বন্ধৰ ১১ দিন পাছত, অৰ্থাৎ ২৩ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। সেই সময়ছোৱাত পেট্ৰ’ল-ডিজেলৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব বুলি বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।