এচিচি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ প্ৰথম মেচত নেপালক ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে।
আল আমিৰাট: অনূৰ্ধ্ব-১৯ এছিয়া কাপত বিজয়ৰে অভিযান আৰম্ভ কৰিলে ভাৰতীয় দলে।
প্ৰথমে বেটিং কৰি নেপালৰ দলটোৱে ৪২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে।
জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে মাত্ৰ ১৯.১ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ১২৯ ৰান সংগ্ৰহ কৰে।
মেচখনত ১০ অভাৰত ১৮ ৰান দি তিনিটা উইকেট দখল কৰা ঈশান ছুদক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়।
newznow.in