আল আমিৰাট: অনূৰ্ধ্ব-১৯ এছিয়া কাপত বিজয়ৰে অভিযান আৰম্ভ কৰিলে ভাৰতীয় দলে। শুকুৰবাৰে আল আমিৰাত ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে নেপালক ১০ উইকেটত পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰি নেপালৰ দলটোৱে ৪২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে। নেপালৰ হৈ দৰ্শ সোনাৰে সৰ্বাধিক ৪৩ ৰান কৰে। ভাৰতৰ ঈশান ছুদ আৰু অৰ্জুন ৰাজপুতে তিনিটাকৈ উইকেট দখল কৰে।
জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে মাত্ৰ ১৯.১ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ১২৯ ৰান সংগ্ৰহ কৰে। বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগে ৫২টা বলত সাতটা চাৰি আৰু চাৰিটা ছয়েৰে অপৰাজিত ৭০ ৰান কৰে। অধিনায়ক লক্ষ্য ৰাজচন্দানীয়ে ৬৩টা বলত অপৰাজিত ৫৩ ৰান সংগ্ৰহ কৰে।
মেচখনত ১০ অভাৰত ১৮ ৰান দি তিনিটা উইকেট দখল কৰা ঈশান ছুদক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়। ভাৰতৰ পৰৱৰ্তী মেচ ৮ নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে।