ভোটাৰক পুনৰ গণনা ফৰ্ম জমা দিয়াৰ সুযোগ দিছে।
বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ সময়ত খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলক পুনৰ নাম অন্তৰ্ভুক্তিৰ সুযোগ প্ৰদান কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।
এই নিৰ্দেশনা প্ৰযোজ্য হ’ব মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা, নাগালেণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীত।
নিৰ্বাচন আয়োগে সংশ্লিষ্ট অঞ্চলসমূহত এনে ভোটাৰৰ তালিকা পুনৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।
জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলক ECINET ব্যৱস্থাৰ জৰিয়তে আংশিকভাৱে পূৰণ কৰা গণনা প্ৰ-পত্ৰ নতুনকৈ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
newznow.in