বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ সময়ত খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলক পুনৰ নাম অন্তৰ্ভুক্তিৰ সুযোগ প্ৰদান কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। শুকুৰবাৰে আয়োগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, দিল্লী আৰু ছখন ৰাজ্যৰ এনে ভোটাৰে পুনৰ গণনা প্ৰ-পত্ৰ জমা দিব পাৰিব।

এই নিৰ্দেশনা প্ৰযোজ্য হ’ব মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা, নাগালেণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীত। যিসকল ভোটাৰক গণনা প্ৰ-পত্ৰ দিয়া হৈছিল, কিন্তু অনুপস্থিত, স্থানান্তৰিত, মৃত অথবা দ্বৈত ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ বাবে তেওঁলোকৰ নাম খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল, তেওঁলোকক এই সুযোগ দিয়া হৈছে।

নিৰ্বাচন আয়োগে সংশ্লিষ্ট অঞ্চলসমূহত এনে ভোটাৰৰ তালিকা পুনৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। ভোটকেন্দ্ৰ, পঞ্চায়ত ভৱন আৰু নগৰীয়া স্থানীয় নিকায়ৰ কাৰ্যালয়ৰ জাননী ফলকত তালিকাসমূহ আঁৰি দিব লাগিব। সংশ্লিষ্ট মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটতো পঢ়িব পৰা পিডিএফ ৰূপত তালিকা প্ৰকাশ কৰা হ’ব। নাম বাদ পৰাৰ সম্ভাব্য কাৰণো তালিকাত উল্লেখ থাকিব।

জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলক ECINET ব্যৱস্থাৰ জৰিয়তে আংশিকভাৱে পূৰণ কৰা গণনা প্ৰ-পত্ৰ নতুনকৈ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। বুথ পৰ্যায়ৰ বিষয়াসকলে সংশ্লিষ্ট ভোটাৰৰ সৈতে যোগাযোগ কৰি প্ৰ-পত্ৰ প্ৰদান কৰিব লাগিব। প্ৰয়োজন অনুসৰি প্ৰ-পত্ৰ ঘৰে ঘৰে গৈ দিয়াৰ লগতে WhatsApp, ই-মেইল বা SMS-ৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰিব।

ভোটাৰসকলেও নিৰ্বাচন আয়োগৰ ৱেবছাইট অথবা ECINET এপৰ পৰা নিজৰ পূৰ্বৰ EPIC নম্বৰ ব্যৱহাৰ কৰি প্ৰ-পত্ৰ ডাউনলোড আৰু পূৰণ কৰিব পাৰিব।

বাসস্থান সলনি নকৰা ভোটাৰৰ বাবে ব্যৱস্থা

যিসকল ভোটাৰে পূৰ্বৰ ঠিকনাতে বাস কৰি আছে, তেওঁলোকে পূৰণ কৰা আৰু স্বাক্ষৰ কৰা গণনা প্ৰ-পত্ৰৰ সৈতে আগতে প্ৰ-পত্ৰ জমা দিব নোৱাৰাৰ কাৰণ উল্লেখ কৰা এখন বিবৃতি দিব লাগিব। এই নথি সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা বুথ পৰ্যায়ৰ বিষয়াৰ হাতত জমা দিব পাৰিব। ECINET-ৰ জৰিয়তেও ই-স্বাক্ষৰসহ অনলাইনত জমা দিয়াৰ সুবিধা থাকিব।

একেখন ৰাজ্যৰ ভিতৰত স্থান সলনি কৰা ভোটাৰৰ বাবে

একেখন ৰাজ্যৰ ভিতৰতে বাসস্থান সলনি কৰা ভোটাৰসকলে নতুন ঠিকনা আৰু বিধানসভা সমষ্টিৰ তথ্য উল্লেখ কৰি গণনা প্ৰ-পত্ৰৰ সৈতে ঠিকনাৰ প্ৰমাণ জমা দিব লাগিব। এনে ক্ষেত্ৰত Form 8 জমা দিয়াৰ প্ৰয়োজন নহ’ব।

আনহাতে, ঠিকনাৰ নথি নথকা গৃহহীন ভোটাৰৰ ক্ষেত্ৰত বুথ পৰ্যায়ৰ বিষয়াৰ ক্ষেত্ৰ পৰীক্ষণ প্ৰতিবেদনক বাসস্থানৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

নিৰ্বাচন আয়োগে বিষয়াসকলক যোগ্য কোনো ভোটাৰ যাতে চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সুযোগৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে দ্বৈত পঞ্জীয়ন ৰোধৰ বাবেও নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ কোৱা হৈছে।