২৭ অক্টোবৰত ১,০০০ কোটি টকা ঋণ লোৱাৰ পাছতে অসম চৰকাৰে ৯ নৱেম্বৰত আন ১,০০০ কোটি টকা ঋণ লোৱাৰ প্ৰস্তুতি চলাইছে।
ৰাজ্যৰ বিত্তীয় প্ৰয়োজন পূৰণৰ বাবে পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ।
উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত ৰাজ্য চৰকাৰে ১,০০০ কোটি টকাৰ ঋণ লৈছিল।
ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ব্যয়ো ৰাজকোষৰ ওপৰত বৃহৎ বোজা হিচাপে দেখা দিছে।
ইফালে, ৰাজ্যৰ ঋণৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে।
newznow.in