ৰাজ্যৰ বিত্তীয় প্ৰয়োজন পূৰণৰ বাবে পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ। অহা ৯ নৱেম্বৰত চৰকাৰী ঋণপত্ৰৰ নিলামৰ জৰিয়তে এই ধন সংগ্ৰহৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যৰ বিত্ত বিভাগে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।
উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত ৰাজ্য চৰকাৰে ১,০০০ কোটি টকাৰ ঋণ লৈছিল। সেই ঋণ লোৱাৰ দুসপ্তাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পুনৰ একে পৰিমাণৰ ধন সংগ্ৰহৰ প্ৰস্তুতি চলাইছে চৰকাৰে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ৩,১০০ কোটি আৰু অক্টোবৰ মাহত ২,০০০ কোটি টকাৰ ঋণ লোৱা হৈছিল।
ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ ব্যয়ো ৰাজকোষৰ ওপৰত বৃহৎ বোজা হিচাপে দেখা দিছে। অৰুণোদয় আঁচনিৰ নামত প্ৰতিমাহে ৪৫০ কোটি টকাতকৈ অধিক ধন ব্যয় হয়। আনহাতে, নিযুত বাবু আৰু নিযুত মাইনা আঁচনিৰ বাবে মাহিলি প্ৰায় ১০০ কোটি টকা ব্যয় হোৱা বুলি প্ৰকাশ পাইছে।
ইফালে, ৰাজ্যৰ ঋণৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে। উপলব্ধ তথ্য অনুসৰি, ২০১৬ চনৰ মাৰ্চ মাহত অসমৰ মুঠ ঋণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত এই পৰিমাণ ৮৯,৭০৯ কোটি টকালৈ বৃদ্ধি পায়। ২০২৫ চনৰ মাৰ্চ মাহত ৰাজ্যৰ ঋণৰ পৰিমাণ ১,৭৭,৯৮৩ কোটি টকা হৈছিল।
বৰ্তমান অসমৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ২.১৩ লাখ কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে। জনমূৰি ঋণৰ পৰিমাণো প্ৰায় ৪২,৫০০ টকা বুলি কোৱা হৈছে।
ৰাজ্যৰ ঋণৰ বোজা বৃদ্ধিক লৈ বিৰোধী দল আৰু বিভিন্ন সংগঠনে প্ৰশ্ন উত্থাপন কৰি আহিছে। আনহাতে, আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক আঁচনি ৰূপায়ণ আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ঋণ লোৱাটো প্ৰয়োজনীয় বুলি চৰকাৰৰ যুক্তি।