কৰাচীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ চাৰ্না দ্বীপত লস্কৰ-ই-তৈবাৰ সদস্যক সাগৰীয় অভিযানৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উঠিছে।
কৰাচী: পাকিস্তানৰ কৰাচী উপকূলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত চৰনা দ্বীপত লস্কৰ-ই-তৈবাই সন্ত্ৰাসবাদীক সামুদ্ৰিক অভিযানৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।
প্ৰকাশিত তথ্য অনুসৰি, লস্কৰৰ সামুদ্ৰিক শাখা ‘দাৱা মেৰিন উইং’ বা ‘সাদা-এ-হুৰিয়ত’-এ এই প্ৰশিক্ষণৰ দায়িত্ব লৈছে।
চৰনা দ্বীপলৈ প্ৰতিদিনে বহু পৰ্যটকৰ আগমন ঘটে।
ইয়াৰ পূৰ্বে পাকিস্তান অধিকৃত কাশ্মীৰৰ মংগল বান্ধ অঞ্চলত লস্কৰৰ প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ কথা চোৰাংচোৱা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল বুলি দাবী কৰা হৈছে।
newznow.in