কৰাচী: পাকিস্তানৰ কৰাচী উপকূলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত চৰনা দ্বীপত লস্কৰ-ই-তৈবাই সন্ত্ৰাসবাদীক সামুদ্ৰিক অভিযানৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। চোৰাংচোৱা সূত্ৰৰ তথ্যৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি, আৰব সাগৰৰ এই দ্বীপত প্ৰশিক্ষণৰ বাবে স্কুবা ডাইভিং আৰু পানীৰ তলত অভিযান চলোৱাৰ কৌশল শিকোৱা হৈছে।

প্ৰকাশিত তথ্য অনুসৰি, লস্কৰৰ সামুদ্ৰিক শাখা ‘দাৱা মেৰিন উইং’ বা ‘সাদা-এ-হুৰিয়ত’-এ এই প্ৰশিক্ষণৰ দায়িত্ব লৈছে। প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলক সাধাৰণ পৰ্যটক হিচাপে পৰিচয় কৰাই দি প্ৰশিক্ষণ কেন্দ্ৰটোৰ কাৰ্যকলাপ গোপনে চলোৱাৰ অভিযোগো উঠিছে।

চৰনা দ্বীপলৈ প্ৰতিদিনে বহু পৰ্যটকৰ আগমন ঘটে। সেই ভিৰৰ সুযোগ লৈ প্ৰশিক্ষণ চলোৱাৰ দাবী কৰা হৈছে। অঞ্চলটো পাকিস্তানৰ নৌসেনাৰ গুলীচালনাৰ অনুশীলন ক্ষেত্ৰ হিচাপেও ব্যৱহাৰ হয় বুলি বাতৰিটোত উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে পাকিস্তান অধিকৃত কাশ্মীৰৰ মংগল বান্ধ অঞ্চলত লস্কৰৰ প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ কথা চোৰাংচোৱা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল বুলি দাবী কৰা হৈছে। ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত ভাৰতৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত সেই প্ৰশিক্ষণ কেন্দ্ৰটো ধ্বংস হোৱা বুলিও প্ৰকাশিত বাতৰিটোত কোৱা হৈছে। তাৰ পিছত চৰনা দ্বীপত নতুনকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত লস্কৰৰ সদস্যসকলে সাগৰীয় পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত নতুনকৈ সামুদ্ৰিক প্ৰশিক্ষণৰ অভিযোগে ভাৰতৰ উপকূলীয় নিৰাপত্তাক লৈ পুনৰ উদ্বেগ সৃষ্টি কৰিছে।