Thursday, May 2, 2024
HomeWorld৮ এপ্ৰিলত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী

৮ এপ্ৰিলত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

কিছুসময়ৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী

সোমবাৰে বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। কিছুসময়ৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। ৮ এপ্ৰিল অৰ্থাৎ কাইলৈ বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ২০২৪ ৰ প্ৰথমটো আৰু আটাইতকৈ দীঘল সূৰ্যগ্ৰহণ। ৫ঘন্টা ১০ মিনিটৰ বাবে হ’ব এই সূৰ্যগ্রহণ। জ্যোতিষ বিজ্ঞনীসকলৰ মতে ৫০ বছৰৰ পিছত হ’ব বিৰল মহাজাগতিক পৰিঘটনা। ৮ এপ্ৰিলৰ নিশা ৯ বাজি ১২ মিনিটৰ পৰা নিশা ২ বাজি ১২ মিনিটলৈকে থাকিব সূৰ্য গ্ৰহণ।

বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিব বিৰল এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ। মেক্সক’, কানাডা আৰু আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দৃশ্যমান হ’ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ।
ইয়াৰ পূৰ্ৱে ১৯৭৩ চনত দেখা গৈছিল এনে দীঘলীয়া সূৰ্যগ্ৰহণ। জ্যোতিষ বিজ্ঞনীসকলৰ মতে আগন্তুক ১২৬ বছৰলৈ পুনৰ দেখা নাযাব এনে বিৰল মহাজাগতিক ঘটনা।

অৱশ্যে ভাৰতবৰ্ষৰ পৰা দৃশ্যমান নহয় এই সূৰ্যগ্ৰহণ।

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments