প্ৰতিদিনে চীনাবাদাম খায় নেকি? প্ৰতিদিনে চীনাবাদাম খালে কি হয় জানেনে?

 আড্ডাৰ সংগী অথবা অৱসৰৰ সময়ত খাবৰ বাবে চীনাবাদাম অতি জনপ্ৰিয়। তাৰ উপৰিও  স্বাস্থ্য সচেতনসকলে প্ৰতিদিনে  চীনাবাদাম খাই সুস্বাস্থ্যৰ কাৰণে।  
কিন্তু আপুনি জানেনে প্ৰতিদিনে চীনাবাদাম খালে কি হয়? জানো আহক
১। হৃদপিণ্ডৰ স্বাস্থ্য ভাল ৰাখে। কাৰণ বাদামত আছে মোনোস্যাচুৰেটেড ফেটৰ উপাদান। ইয়াৰ উপৰিও নিয়াসিন, মেগনেছিয়াম, কাপাৰ আদি পুষ্টিকৰ গুণ আছে, যিয়ে হৃদপিণ্ড ভালে ৰাখিবলৈ সহায় কৰে। 
২।  বাদামে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । কাৰণ বাদামত কাৰ্বোহাইড্ৰেটৰ মাত্ৰা কম থাকে আৰু ফাইবাৰৰ মাত্ৰা অধিক। যিয়ে ডায়াবেটিছৰ ৰোগীসকলৰ বাবে ভাল। 
৩। প্ৰাণীজ প্ৰ'টিনত অনীহা থকা লোকৰ বাবে বাদাম হ’ব পৰে আন এক উপযুক্ত প্ৰ'টিন। কাৰণ প্ৰথমতে ই উদ্ভিজ। দ্বিতীয়তে, পেশীৰ স্বাস্থ্য ভালে  ৰাখিবলৈও সহায় কৰে।
৪। চীনাবাদামত মেঙ্গানিজ, ফচফৰাছ আৰু অন্যান্য খনিজ উপাদান আছে। যি হাড় মজবুট ৰাখে।
৫। ছালৰ বাবেও ভাল বাদাম। বাদামত জিংক, ভিটামিন ই আৰু ভিটামিন চি পোৱা যায়।  যদি প্ৰতিদিনে নিয়ম অনুসৰি শৰীৰত এই উপাদান সমূহ পাই, তেনেহলে  কো'লাজেন বৃদ্ধিত সহায় কৰে।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *