মডেলিং জগতত ধুমুহাৰ সৃষ্টি কৰা এগৰাকী সাংবাদিকতাৰ ছাত্ৰী, কোন হয় তামান্না কাটছ?


হঠাৎ সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এগৰাকী মডেল। নাম তামান্না কাটছ। কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা Lakme Fashion Weekত কেটৱাক কৰি হঠাৎ ভাইৰেল হৈ পৰে তামান্না কাটছ নামৰ এগৰাকী যুৱতী। যুৱতী গৰাকীৰ কেটৱাকৰ ভিডিঅ' ভাইৰেল হোৱাৰ প্ৰধান কাৰণটো হৈছে বলিউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ পিছফালে খোজকাঢ়িও জাহ্নৱীতকৈ বেছি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা। 
এইবাৰ Lakme Fashion Weekৰ মুখ্য আকৰ্ষণ আছিল অভিনেত্ৰী জাহ্নৱী কাপুৰ। সেই জাহ্নৱী কাপুৰৰ পিছফালে খোজকঢ়া মডেল সকলৰৰ ভিতৰৰে এগৰাকী আছিল তামান্না কাটছ। তামান্নাৰ কেটৱাকক দৰ্শকে ইমানেই প্ৰশংসা কৰিলে যে এটা নিশাৰ ভিতৰতে ভাৰতৰ অতিকৈ চৰ্চিত মডেলৰ ভিতৰত সাঙুৰ খাই পৰিল তামান্নাৰ নাম। ইতিবাচক মনোভাৱেৰে খোজকাঢ়ি আহি প্ৰথমতে এফালে মূৰটো ঘূৰাই তাৰ পাছতে সেইফালে গুচি যোৱা তামান্নাৰ ষ্টাইলেই হৈছে আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু।‌ 
আনহাতে কেটৱাক কৰি সমালোচনাৰ সন্মুখীন হৈ আহিছে অভিনেত্ৰী জাহ্নৱী কাপুৰ।‌ তামান্নাৰ পৰা মডেলিং শিকিবলৈও সামাজিক মাধ্যমযোগে পৰামৰ্শ দিলে একাংশই। ইফালে, সৰুৰে পৰা এগৰাকী ভাল সাংবাদিক হোৱাৰ সপোন দেখা দিল্লীৰ বাসিন্দা তামান্নাই সাংবাদিকতাত শিক্ষা গ্ৰহণ কৰিলে যদিও হঠাৎ ঢাপলি মেলিলে মডেলিং জগতলৈ। বৰ্তমান মনীষ মালহোত্ৰাৰ দৰে জ্যেষ্ঠ ডিজাইনাৰৰ পোছাক পৰিধান কৰি কেটৱাক কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে যুৱতী গৰাকী। একাংশৰ মতে, তামান্না কাটছেই হ'ব ভাৰতৰ পৰৱৰ্তী ছুপাৰ মডেল।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *