ভাৰত-ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈ উদ্বিগ্ন হৈ পৰিছে আমেৰিকা। ৰাছিয়াৰ পৰা ভাৰতে মাৰাণাস্ত্ৰ ক্ৰয় কৰাক লৈ আওপকীয়াকৈ আপত্তি দৰ্শালে আমেৰিকাই।ভাৰত-ৰাছিয়াৰ সম্পৰ্কক লৈ আমেৰিকাৰ আপত্তি আছে বুলি নিশ্চিত হৈছে আমেৰিকাৰ বাণিজ্যিক সচিব হবাৰ্ড লুটনিকৰ শেহতীয়া এক মন্তব্যত।
শেহতীয়াকৈ ভাৰতে এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে যিবোৰে আমেৰিকাক ক্ষতিগ্ৰস্ত কৰিছে বুলি দাবী কৰিছিল লুটনিকে।আমেৰিকাৰ ৱাছিংটন ডি চিত অনুষ্ঠিত এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল বাণিজ্যিক সচিব লুটনিকে।
ভাৰতে ৰাছিয়াৰ পৰা মাৰাণাস্ত্ৰ ক্ৰয় কৰাটো আমেৰিকাৰ বাবে অশান্তিদায়ক বিষয় বুলি স্পষ্টকৈ দাবী কৰিছিল ট্ৰাম্প চৰকাৰৰ বিষয়াগৰাকীয়ে।ৰাছিয়াৰ সৈতে ভাৰত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ হোৱাটোও হজম কৰিব পৰা নাই আমেৰিকাই। উল্লেখযোগ্য যে,২০২৬ চনত ৰাছিয়াই ভাৰতক দিব S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম। ভাৰত-ৰাছিয়াৰ মাজত হোৱা এই বৃহৎ সামৰিক চুক্তিক লৈ ভিতৰি অসন্তুষ্ট হৈ পৰিছিল আমেৰিকা।
ঐতিহাসিকভাবে ৰাছিয়া-আমেৰিকাৰ তিক্ততাপূৰ্ণ সম্পৰ্ক বলি হ'ব লগা হৈছে ভাৰত।আমেৰিকাৰ বাণিজ্যিক সচিব হবাৰ্ড লুটনিকৰ দাবী অনুসৰি,ভাৰতে গ্ৰহণ কৰা কিছু পদক্ষেপ শুদ্ধৰণি কৰাৰ প্ৰয়োজন আছে। গতিকে ট্ৰাম্প প্ৰশাসনে ভাৰতক যে এক বেপাৰ-বাণিজ্যিৰ দিশেৰেহি গুৰুত্ব দি আহিছে সেইয়া স্পষ্ট হৈছে লুটনিকৰ মন্তব্যত।