২০২৭ৰ ১ মাৰ্চৰ পৰা দেশজুৰি অনুষ্ঠিত হ'ব জাতিগত লোকপিয়ল। দুটা পৰ্যায়ত সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব জাতিগত লোকপিয়ল। প্ৰথম পৰ্যায়ত জম্মু কাশ্মীৰ, লাডাখ,উত্তৰাখণ্ড,হিমাচল প্ৰদেশত সম্পন্ন হ'ব জাতিগত লোকপিয়ল। ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা চাৰি ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'ব জাতিগত লোকপিয়ল। বাকী ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত জাতিগত লোকপিয়লৰ কাম আৰম্ভ হ'ব ২০২৭ চনৰ ১ মাৰ্চত।
বিগত ৩০ এপ্ৰিলতে জাতিগত লোকপিয়লৰ বাবে অনুমোদন জনাইছিল ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে। বুধবাৰে দেশবাসীক এই তথ্য সদৰী কৰিলে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ১৯৩১ চনত ব্ৰিটিছ শাসনৰ অধীনত ভাৰতত অনুষ্ঠিত হৈছিল জাতিগত লোকপিয়ল। ১৯৫১ চনৰ পৰা ২০১১ চনলৈ সাতবাৰকৈ লোকপিয়ল কৰা হৈছে। ১৯৩১ চনৰ জনগণনা অনুসৰি দেশত OBCৰ জনসংখ্যা প্ৰায় ৫২% আছিল।
এই তথ্যৰ ভিত্তিত মণ্ডল আয়োগে ২৭% সংৰক্ষণৰ পৰামৰ্শ দিছিল। জাতিগত লোকপিয়লৰ ফলত সংসদ আৰু বিধানসভাত আসন বিন্যাসত পৰিৱৰ্তনৰ সম্ভৱ।