নতুন দিল্লীৰ পৰা ৰহস্যজনক ভাবে সন্ধানহীন অসমৰ এগৰাকী যুৱতী

নতুন দিল্লীৰ পৰা ৰহস্যজনক ভাবে সন্ধানহীন অসমৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী । ডিমা হাচাওৰ হাফলঙৰ চনটিলাৰ যুৱতীগৰাকী ৰে'লৱে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে গৈছিল দিল্লীলৈ। যোৱা ৪ জুনত গুৱাহাটীৰ পৰা ৰে'লযোগে গৈ নতুন দিল্লীত উপস্থিত হৈছিল ৰশ্মিতা হোজাই নামৰ ২৭ বছৰীয়া যুৱতীগৰাকী। ৫ জুনত পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে যুৱতীগৰাকী,বন্ধ হৈ আছে মবাইল ফোনটোও।
ৰহস্যজনক ভাবে উত্তৰাখণ্ডৰ শিৱপুৰী থানাত দুজন যুৱকে যুৱতীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। যুৱক দুজনৰ সৈতে উত্তৰাখণ্ডলৈ ফুৰিবলৈ গৈ যুৱতীগৰাকী সন্ধানহীন হোৱা  বুলি শিৱপুৰী আৰক্ষীয়ে অবগত কৰিলে পৰিয়ালক। শিৱপুৰী আৰক্ষীয়ে দুয়োজন যুৱকক আটক কৰি অব্যাহত ৰাখিছে সোধা-পোছা।
হাৰিয়ানাত উচ্চ শিক্ষা লাভ কৰা অভিযান্ত্ৰিকৰ ছাত্ৰী ৰশ্মিতাই নতুন দিল্লীত প্ৰশাসনীয় পৰীক্ষাৰ ক'চিং লোৱাৰ পিছত গুৱাহাটীতো গ্ৰহণ কৰি আছিল ক'চিং। যুৱতীগৰাকীৰ নিৰুদ্দেশক লৈ দুঃচিন্তাত ভুগিছে পৰিয়ালটো।
ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত হাফলং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *