গৰমৰ বাবে সলনি হৈছে বিদ্যালয় পাঠদানৰ সময়সূচী। কামৰূপ(ম) জিলা বিদ্যালয়ত নতুন পাঠদানৰ সময়সূচী ।
LPস্কুলৰ পাঠদান পুৱা ৭.৩০পৰা দিনৰ ১১.৩০বজালৈ।
ME স্কুলৰ পাঠদান পুৱা ৭.৩০পৰা দিনৰ ১২বজালৈ।
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান পুৱা ৭.৩০পৰা দুপৰীয়া ১২.৩০বজালৈ।
বুধবাৰৰ পৰা কামৰূপ(ম) চৰকাৰী আৰু বে-চৰকাৰী সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব নিৰ্দেশনা।
উল্লেখ্য যে উৎকট গৰমৰ বাবে প্ৰতি জিলা আয়ুক্তলৈ পাঠদানৰ সময়সূচী সাল-সলনি কৰিবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে। প্ৰতিখন জিলাৰ আয়ুক্তই নিজ নিজ জিলাৰ পাঠদানৰ সময় নিৰ্ধাৰণ কৰিব।
