ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে ভাৰতীয় নাগৰিকক ইৰানৰ পৰা ওভতাই অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে। ১০০জন ভাৰতীয় নাগৰিকক
উভতাই অনাৰ ব্যৱস্থা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। ইতিমধ্যে আৰ্মেনিয়া সীমান্তইদি প্ৰথমটো দলক ওভতাই অনা হৈছে ।
নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল তেহৰাণত থকা ভাৰতীয় দূতাবাসে। ভাৰতীয় দূতাবাসে নিৰাপত্তাৰ দিশটো সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে তেহৰাণত। ইৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। লগতে ভাৰতীয় দূতাবাসে ইৰাণ চৰকাৰৰ সৈতে প্ৰতিমুহূৰ্তত যোগাযোগত আছে । ইৰাণত থকা ভাৰতীয় সকলক আতংকিত নহ’বলৈও আহ্বান জনাইছে ভাৰতীয় দূতাবাসে। ভাৰতীয় নাগিৰকসকলক পৰাপক্ষত ছচিয়েল মিডিয়াযোগে দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে।
ইফালে, চীনেও ঘুৰাই আনিছে চীনা নাগৰিকসকলক। ইজৰাইলত থকা চীনা নাগৰিকক শীঘ্ৰেই দেশ এৰি আহিবলৈ আহ্বান জনাইছে চীনে। ইতিমধ্যে ইজৰাইল-ইৰাণৰ যুদ্ধৰ বাবে বন্ধ হৈ পৰিছে ইজৰাইলৰ আকাশ মাৰ্গ। আকাশমাৰ্গ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত সীমান্তইদি স্থলপথেৰে চীনলৈ ঘূৰি যোৱাৰ আহ্বান জনাইছে ইজৰাইলত থকা চীনা দূতাবাসে। ইজৰাইল-ইৰাণৰ যুদ্ধ দীঘলীয়া হোৱাৰ আশংকাত চীনৰ দূতাবাসে এই আহ্বান জনাইছে ইজৰাইলত থকা নাগৰিকসকলক। চীনৰ দূতাবাসে জনোৱা আহ্বানৰ পাছতে ইজৰাইলত থকা বহু সংখ্যক চীনা নাগৰিকে ইজিপ্ত, জৰ্ডান সীমান্তৰে চীনলৈ ঘুৰি গৈছে।
