অসমত ৬৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ধনকুৱেৰ আদানী গ্ৰুপে

অসমৰ শক্তি খণ্ডত 'কিংপিন' হ'ব গুজৰাটী ব্যৱসায়ী গৌতম আদানী

উত্তৰ-পূবত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ কৰিবলৈ সাজু হৈছে আদানী গ্ৰুপ

শেহতীয়াকৈ দিল্লীত গোপনে মুখ্যমন্ত্ৰীয়ে গৌতম আদানীক সাক্ষাৎ কৰিছিল বুলি দাবী কৰিছিল লুৰিণজ্যোতি গগৈয়ে


অসমত দুটা বৃহৎ শক্তি প্ৰকল্পৰ স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা 'লেটাৰ্ছ অব এৱাৰ্ড' লাভ কৰিছে আদানী গ্ৰুপে

অসমত ৬৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ধনকুৱেৰ আদানী গ্ৰুপে

৩,২০০ মেগাৱাটৰ গ্ৰীণফিল্ড আল্ট্ৰা-ছুপাৰ-ক্ৰিটিকেল থাৰ্মেল প্লাণ্ট নিৰ্মাণৰ বাবে ব্যয় কৰিব ৪৮,০০০ কোটি টকা

একেদৰে, অসমত ৭০০ মেগাৱাটৰ দুটা পাম্পড ষ্টোৰেজ প্লাণ্ট স্থাপনৰ বাবে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্রীণ এনার্জিয়ে 

প্ৰতি কিলোৱাটত ঘণ্টাত ৬ টকা ৩০ পইচাৰ শুল্ক নিবিদাৰে 

২০৩০ চনৰ ডিচেম্বৰৰ মাহৰ পৰা অসমত প্লাণ্টটোৰ কাম আৰম্ভ কৰিব আদানী গ্ৰুপে

অসমৰ বিদ্যুতৰ বহনক্ষম আৰু স্থিতিস্থাপক যোগানৰ ক্ষেত্ৰত 'কিংপিন' হোৱাৰ পথত আদানী গ্ৰুপৰ গ্রীণ এনার্জি

অৱশ্যে আদানী গ্ৰুপৰ এই বৃহৎ প্ৰকল্প স্থাপৰ বাবদ সংস্থাপনৰ বাট মুকলি হ'ব প্ৰায় ২৫ হাজাৰ নিবনুৱাৰ


কিন্তু সংস্থাপনৰ টোপ দি প্ৰকল্প স্থাপনৰ বাবে অধিগ্ৰহণ কৰিব খোজা নামত জানজাতীয় অঞ্চলৰ ভূমি এৰি দিয়াৰ পক্ষপাতী নহয় জনজাতীয় সমাজ


উল্লেখযোগ্য যে,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শিল্লীজনৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈছিল ধনকুৱেৰ গৌতম আদানী আৰু তেওঁৰ পুত্ৰ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *