ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদকৰ্মীলৈ শুভেচ্ছা জনালে মন্ত্ৰী পীযুষ হাজৰিকাই

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যম তথা সংবাদ সেৱাৰ সৈতে জড়িত সকলোলৈকে শুভকামনা জনাইছে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই

 ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যম তথা ৰাজ্যখনৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

ভাৰতত সংবাদ মাধ্যমৰ ঐতিহাসিক গুৰুত্ব থকা বুলি মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সত্যনিষ্ঠ, শুদ্ধ বাতৰি পৰিৱেশনেৰে গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।
মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ সাংবাদিকসকলক সংবাদ মাধ্যমৰ গৰিমা আৰু ঐতিহ্য বৰ্তাই ৰাখি আৰু অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *