নতুন দিল্লীঃ
QS Asia University Rankings 2027ৰ নতুন তালিকাত ভাৰতৰ উচ্চ শিক্ষাৰ প্ৰতিনিধিত্ব বৃদ্ধি পাইছে। কিন্তু দেশৰ শীৰ্ষ ছখন শিক্ষানুষ্ঠানৰ ৰেংকিঙৰ অৱনতি ঘটিছে। এইবাৰ ভাৰতৰ মুঠ ৩২৫খন বিশ্ববিদ্যালয়ে তালিকাত স্থান লাভ কৰিছে। ইয়াৰে ৩৪খন প্ৰতিষ্ঠান প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে।
IIT Delhi ভাৰতৰ ভিতৰত সৰ্বোচ্চ স্থানত আছে। অৱশ্যে এছিয়াৰ তালিকাত প্ৰতিষ্ঠানটোৰ স্থান ৫৯ৰ পৰা ৬৬লৈ নামিছে। Indian Institute of Science (IISc), Bengaluru ৭৯সংখ্যক স্থানত আছে। IIT Bombay ৮৩ আৰু IIT Madras ৮৫সংখ্যক স্থানত আছে।
IIT Kharagpur-য়ে ৯০সংখ্যক আৰু IIT Kanpur-য়ে ৯৭সংখ্যক স্থান লাভ কৰিছে। এই ছখন প্ৰতিষ্ঠানৰে পূৰ্বৰ বছৰৰ তুলনাত ৰেংকিং হ্ৰাস পাইছে।
IIT Guwahati-য়ে ১২০সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে IIT Roorkee আছে ১২৪সংখ্যক স্থানত। Delhi University-ৰ স্থান ৯৫ৰ পৰা ১০৬লৈ হ্ৰাস পাইছে। আনহাতে, Chandigarh University-য়ে ১০৯ৰ পৰা ১০৪লৈ আৰু Lovely Professional University-য়ে ১৮৭ৰ পৰা ১৫৪লৈ উন্নতি কৰিছে।
এইবাৰৰ তালিকাত ২৬টা উচ্চ শিক্ষা ব্যৱস্থাৰ ১,৭২২খন বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে। ৩২৫খন প্ৰতিষ্ঠানৰ সৈতে চীনৰ পাছতে ভাৰতৰ প্ৰতিনিধিত্ব এছিয়াত দ্বিতীয় সৰ্বাধিক।
University of Hong Kong-য়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। Peking University দ্বিতীয় আৰু Tsinghua University তৃতীয় স্থানত আছে। ফলত শীৰ্ষ তিনিটাৰ ভিতৰত চীনৰ দুখন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে।
এছিয়াত বৃদ্ধি পোৱা প্ৰতিযোগিতাক ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ৰেংকিং হ্ৰাসৰ অন্যতম কাৰণ হিচাপে বিবেচনা কৰা হৈছে। এইবাৰ তালিকাত ১৯৫খন নতুন বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে। Academic Reputation আৰু Employer Reputationৰ ক্ষেত্ৰতো ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ প্ৰদৰ্শন দুৰ্বল হোৱা বুলি ৰেংকিঙৰ তথ্যত প্ৰকাশ পাইছে।