গুৱাহাটী, ৪ নৱেম্বৰঃ
শিৱসাগৰৰ ফুলপানীছিগাৰ সমীপত আৰক্ষীৰ গুলীত বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৰালী পৰিয়ালৰ সদস্যসকলে। অভিযুক্তজনৰ মৃত্যুৰ খবৰে আপোনজনক হেৰুওৱাৰ দুখ কিছু পৰিমাণে কমাইছে বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, এই ঘটনাৰ পাছত ন্যায় পোৱা যেন অনুভৱ হৈছে।
২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ বিলাস ইন হোটেলত সংঘটিত হত্যাকাণ্ডত পাঁচজন লোকৰ মৃত্যু হৈছিল। নিহতসকল হৈছে হেলেনা বি ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ঈশান কাশ্যপ, বোৱাৰী ৰিণিকা, হেলেনাৰ ভাতৃ ভূদেৱ ভৰালী আৰু হোটেলখনৰ তত্ত্বাৱধায়ক নাৰায়ণ দাস।
ভূদেৱ ভৰালীৰ কন্যাই সংবাদ মাধ্যমৰ আগত কয় যে পৰিয়ালটোৱে এই খবৰৰ বাবে অপেক্ষা কৰি আছিল। পিতৃ, পেহী আৰু আত্মীয়ক হেৰুওৱাৰ দুখৰ মাজতে ঘনকান্তৰ মৃত্যুৰ খবৰে কিছু স্বস্তি দিছে বুলি তেওঁ উল্লেখ কৰে।
নিহত নাৰায়ণ দাসৰ পুত্ৰয়ো এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পিতৃসহ পাঁচজন লোকৰ হত্যাকাণ্ডৰ পাছত পৰিয়ালটোৱে অভিযুক্তৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছিল বুলি তেওঁ কয়। ঘনকান্তৰ মৃত্যুৰ খবৰ পাই তেওঁ স্বস্তি অনুভৱ কৰিছে।
আৰক্ষীৰ মতে, ২০২৪ চনত ডিমৌ থানাত পঞ্জীয়ন হোৱা এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত প্ৰডাকচন ৱাৰেণ্টৰ ভিত্তিত ঘনকান্তক ডিমৌলৈ নিয়া হৈছিল। বুধবাৰে পুৱতিনিশা প্ৰায় ৩.১০ বজাত ফুলপানীছিগাৰ ওচৰত আৰক্ষীৰ বাহন ৰখোৱাৰ পাছত তেওঁ এগৰাকী আৰক্ষী বিষয়াৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।
শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ মতে, এই সময়ত হোৱা টনা-আজোৰাত তিনিজাঁই গুলীচালনা হয় আৰু এগৰাকী আৰক্ষী বিষয়া আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আন এগৰাকী বিষয়াই আত্মৰক্ষাৰ্থে গুলীচালনা কৰাত ঘনকান্তৰ মৃত্যু হয়। তেওঁৰ শৰীৰত দুটা গুলী লাগিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আহত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।