গুৱাহাটীৰ বিলাস ইন হোটেলৰ পাঁচজন লোকৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH)ত কৰা হ’ব।

প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু তাত প্ৰয়োজনীয় সুবিধা আৰু ফৰেনছিক বিশেষজ্ঞৰ অভাৱ থকাৰ বাবে পৰীক্ষাৰ স্থান সলনি কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCHত তিনিজনীয়া চিকিৎসকৰ ব’ৰ্ড গঠন কৰা হৈছে। পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য, ৪ নৱেম্বৰৰ পুৱতিনিশা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ফুলপানীছিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যু হৈছিল। আৰক্ষীৰ মতে, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নিয়াৰ সময়ত তেওঁ পলায়নৰ চেষ্টা কৰাৰ লগতে এগৰাকী আৰক্ষী বিষয়াৰ সেৱা ৰিভলভাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল।

শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, পঞ্জাব নেশ্যনেল বেংকৰ ঋণ প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্ৰডাকচন ৱাৰেণ্ট লৈ গগৈক শিৱসাগৰলৈ নিয়া হৈছিল। জাল নথি দাখিল কৰি এক্সকেভেটৰ ক্ৰয়ৰ বাবে ঋণ লোৱাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে।

আৰক্ষীৰ ভাষ্য অনুসৰি, সংঘৰ্ষৰ সময়ত সেৱা ৰিভলভাৰৰ পৰা তিনিজাঁই গুলী ফুটে আৰু এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হয়। পাছত শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গগৈক বাধা দিবলৈ গুলীচালনা কৰে। চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁক মৃত ঘোষণা কৰা হয়।