নতুন দিল্লী, ৪ নৱেম্বৰঃ

ভাৰতত জনন হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকক শাস্তি দিয়াৰ সৈতে জড়িত আইনসমূহৰ প্ৰাসংগিকতা হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। দেশৰ পৰিৱৰ্তিত জনসংখ্যাগত পৰিস্থিতিৰ সৈতে সংগতি ৰাখি এনে আইনসমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও আদালতে উল্লেখ কৰিছে।

মহাৰাষ্ট্ৰৰ এখন পঞ্চায়তত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক সদস্য বা সৰপঞ্চ পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা আইনক লৈ শুনানিৰ সময়ত এই মন্তব্য কৰে আদালতে। ন্যায়াধীশ পি এছ নৰসিংহৰ নেতৃত্বাধীন দুজনীয়া বিচাৰপীঠে কয় যে বৰ্তমান সময়ত তিনিটা সন্তান থকা পৰিয়াল বিৰল হৈ পৰিছে। বহু পৰিয়ালত এতিয়া এটাকৈ সন্তানহে আছে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে দুটা সন্তানৰ নীতিক ইজনে সিজনৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাক লৈও উদ্বেগ প্ৰকাশ কৰে আদালতে। কেইবাখনো ৰাজ্যত জনন হাৰ হ্ৰাস পোৱাৰ সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে প্ৰণয়ন কৰা এনে আইন অব্যাহত ৰখাৰ যুক্তিযুক্ততা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠে।

আদালতে উল্লেখ কৰা অনুসৰি, ২০০৩ চনত ভাৰতৰ মুঠ জনন হাৰ আছিল ৩। বৰ্তমান সেই হাৰ হ্ৰাস পাই ১.৯ হৈছে। আনহাতে, জনসংখ্যাৰ এটা প্ৰজন্মৰ ঠাই আন এটা প্ৰজন্মই পূৰণ কৰিবলৈ ২.১ জনন হাৰক প্ৰতিস্থাপন হাৰ হিচাপে গণ্য কৰা হয়।

ন্যায়ালয়ে কয় যে দেশৰ মুঠ জনসংখ্যা এতিয়াও হ্ৰাস পোৱা নাই যদিও জনন হাৰ প্ৰতিস্থাপন হাৰৰ তললৈ নামি অহাৰ প্ৰভাৱ আগন্তুক সময়ত দেখা যাব। ইয়াৰ ফলত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কৰ্মক্ষম বয়সৰ লোকৰ অনুপাত হ্ৰাস পাব পাৰে। এই পৰিৱৰ্তনক গুৰুত্ব নিদিলে দেশখনে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও আদালতে সতৰ্ক কৰি দিয়ে।

এই গোচৰটো মহাৰাষ্ট্ৰৰ প্ৰাক্তন সৰপঞ্চ মংগলা ভীমৰাও ইংগলে দাখিল কৰা আবেদনৰ সৈতে জড়িত। দুটাতকৈ অধিক সন্তান থকাৰ বাবে তেওঁৰ নিৰ্বাচনী অযোগ্যতা বাহাল ৰখা বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক তেওঁ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। মহাৰাষ্ট্ৰ ভিলেজ পঞ্চায়ত আইন, ১৯৫৯ৰ ১৪(১) ধাৰা অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে পঞ্চায়ত সদস্য বা সৰপঞ্চ পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ২০০৩ চনৰ ‘জাভেদ বনাম হাৰিয়ানা’ আৰু ২০০৪ চনৰ ‘ৰামজী লাল জাট বনাম ৰাজস্থান’ গোচৰত দিয়া পূৰ্বৰ ৰায়সমূহ পুনৰ বিবেচনাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। দুজনীয়া বিচাৰপীঠে গোচৰটো অধিক বিবেচনাৰ বাবে তিনিজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।